ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 26, 2024 12:35 PM | Tinshukia

printer

সু-প্রশাসন সপ্তাহৰ সামৰণি উপলক্ষে তিনিচুকীয়া জিলাত বিশেষ কৰ্মশালাৰ অনুষ্ঠিত

১৯ ডিচেম্বৰৰ পৰা চলি থকা সু-প্রশাসন সপ্তাহৰ সামৰণি উপলক্ষে কালি তিনিচুকীয়া জিলাত এখন বিশেষ কৰ্মশালাৰ অনুষ্ঠিত হয়। কর্মশালাত উপস্থিত থাকি জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাসে কয়, যে কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনক ৰাইজৰ অধিক ওচৰ চপাই নিয়াৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ এই কাৰ্যসূচীৰ মূল বিষয় প্রশাসনক গাঁৱলৈ নিয়া আছিল বুলি উল্লেখ কৰি তেওঁ কয়, যে এই সময়ছোৱাত জিলাখনৰ আটাইবোৰ ৰাজহ চক্ৰ আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত জনতাৰ অভাৱ-অভিযোগ সমূহৰ বিষয়ে শুনানী গ্রহণ কৰা হয়। শুনানীৰ সময়ছোৱাত বিভিন্ন বিভাগীয় বিষয়াৰ উপস্থিতিত সমস্যাসমূহ ঠাইতে নিষ্পত্তি কৰাৰ চেষ্টা চলোৱা হয় বুলিও আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ ৪টা ৰাজহ চক্র ক্রমে- তিনিচুকীয়া, মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়াৰ সাতোটাকৈ উন্নয়ন খণ্ডৰ বিভিন্ন স্থানত ৰাইজৰ অভাৱ-অভিযোগসমূহৰ বাবে বিশেষ শুনানীৰ ব্যৱস্থা কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।