ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 22, 2024 8:18 PM | Tinshukia

printer

দুদিনীয়া ভ্রমণসূচীৰে ভগীৰথ চৌধুৰী তিনিচুকীয়াত উপস্থিত হৈ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ ৰাজ্য মন্ত্ৰী ভগীৰথ চৌধুৰী আজি দুদিনীয়া ভ্রমণসূচীৰে তিনিচুকীয়াত উপস্থিত হৈ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত অংশ লৈ মন্ত্ৰীগৰাকীয়ে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে কৃষি আৰু কৃষকৰ সমৃদ্ধিয়েই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ মূল লক্ষ্য। কৃষকসকলক কেন্দ্ৰ কৰিয়েই দেশৰ উন্নতি সম্ভৱ হৈ উঠে বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে বৰহাপজানত থকা এখন কৃষি পামো পৰিদৰ্শন কৰে। শ্ৰী চৌধুৰীয়ে আজি নিশাটো জিলাখনতে কটাই কাইলৈ পুৱা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰাৰ লগতে এখন নাগৰিক সন্মিলনতো অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।