ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

তিনিচুকীয়াৰ ফিল’বাৰীৰ শ্ৰীশ্ৰীটিপুক মায়ামৰা দ্বাৰকা সত্ৰৰ সত্ৰাধিকাৰৰূপে হৰকান্ত মহন্তৰ দায়িত্ব গ্ৰহণ

তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ শ্ৰীশ্ৰীটিপুক মায়ামৰা দ্বাৰকা সত্ৰৰ সত্ৰাধিকাৰৰূপে হৰকান্ত মহন্তই কালি সত্ৰৰ ৰীতি-নীতিৰ মাজেৰে দায়িত্ব গ্ৰহণ কৰে। এই উপলক্ষে সত্ৰত গায়ন-বায়ন, গোসাঁই পতা খেৰি, আয়তী উৰুলিৰ ধ্বনিৰে ধৰ্মীয় ৰীতি-নীতি অনুসৰি আহোম, কছাৰী আৰু খাটোৱাল তিনিবুঢ়াই আগুৱাই নি হৰকান্ত মহন্তক সত্ৰাধিকাৰৰ আসনত বহুৱায়। সত্ৰাধিকাৰগৰাকীয়ে তেওঁৰ নেতৃত্বত অপ-সংস্কৃতি প্রতিহত কৰি নতুন চিন্তা-চেতনাৰে আগুৱাই শক্তিশালী সাংস্কৃতিক আৰু ধৰ্মীয় সমাজ প্ৰতিষ্ঠা কৰিবলৈ নতুন প্রজন্মকো উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।