ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বহিঃৰাজ্যলৈ চক্রান্তৰে নিয়া ৩গৰাকী কিশোৰী আৰু এজন কিশোৰক উদ্ধাৰ মাকুম আৰক্ষীৰ

তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষীয়ে বহিঃৰাজ্যলৈ চক্রান্তৰে নিয়া তিনিগৰাকী কিশোৰী আৰু এজন কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জিলাখনৰ খোৱাং চাহ বাগিচাৰ দুগৰাকী কিশোৰী আৰু কাকপথাৰ তেজিৰ এগৰাকী কিশোৰী আৰু কিশোৰক অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ লৈ গৈ থকা অৱস্থাত উদ্ধাৰ কৰে। মানৱ সৰবৰাহকাৰী চক্ৰই প্রলোভনেৰে কিশোৰ-কিশোৰীকেইটাক এখন বাছত অৰুণাচললৈ লৈ গৈ আছিল। মাকুম আৰক্ষী, যানবাহন আৰক্ষীয়ে বাছখনৰ পৰা আটাইকে উদ্ধাৰ কৰে আৰু মুঠ তিনিগৰাকী মহিলাক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।