ডাউনলোড
মোবাইল এপ

android apple
signal

তিনিচুকীয়াত কলেৰাত ১১জন লোকৰ মৃত্যুৰ বাতৰিৰ সত্যতা খণ্ডন জিলা প্ৰশাসনৰ

তিনিচুকীয়া জিলাত কলেৰাত আক্ৰান্ত হৈ ১১জন লোকৰ মৃত্যু হোৱা বুলি একাংশ সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ সত্যতা জিলা প্ৰশাসনে খণ্ডন কৰিছে। আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত আয়ুক্ত স্বপ্নীল পালে এই বিষয়টোৰ সন্দৰ্ভত স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে, আই চি এম আৰৰ প্ৰতিবেদন মতে কোনো লোকৰ কলেৰা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই। অন্যান্য ৰোগত আক্ৰান্ত হোৱাৰ ফলতহে এই লোকসকলৰ মৃত্যু হৈছে বুলিও আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে, জিলাখনত কলেৰাত ১১ জন লোকৰ মৃত্যু হোৱা বুলি অভিযোগ উঠাৰ লগে লগে স্বাস্থ্য বিভাগৰ দলে নমুনা সংগ্ৰহ কৰি আই চি এম আৰলৈ প্ৰেৰণ কৰিছিল। স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ দ্বাৰা গঠিত উচ্চস্তৰীয় প্ৰতিবেদন অনুসৰি মৃত ১১ জন লোকৰ ভিতৰত ৯ জনৰ দেহত কলেৰাৰ কোনো লক্ষণ নাছিল যদিও দুজনৰহে পেটৰ অসুখ হোৱাৰ তথ্য পোৱা গৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।