ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

তিনিচুকীয়া জিলাত সুসজ্জ্বিত আৱৰ্ত ভৱন উদ্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি তিনিচুকীয়া জিলাত এটা সুসজ্জ্বিত আৱৰ্ত ভৱন উদ্বোধন কৰে । জিলাখনৰ গেলাপুখুৰী বাইপাছৰ সন্মিলন কক্ষৰ চৌহদত নিৰ্মাণ কৰা এই আৱৰ্ত ভৱনটোৱে ৰাইজক উপকৃত কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, সাংসদ ৰামেশ্বৰ তেলীৰ লগতে কেইবাগৰাকীও বিধায়ক, মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ পাৰিষদবর্গ আৰু কেইবাগৰাকীও দলীয় নেতা উপস্থিত আছিল। তেওঁ কালি সন্ধিয়া জিলাখনৰ বীৰ ৰাঘৱ মৰাণ ইনড’ৰ ষ্টেডিয়াম আৰু জ্ঞানকোষ আৱাসিক বিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ এই ভ্রমণকালত দলীয় নেতা-কৰ্মীৰ সৈতেও মত-বিনিময় কৰে। তেওঁ সন্ধিয়া তিনিচুকীয়া চহৰৰ মিলনপল্লীত থকা কৰুণাময় কালি মন্দিৰত পূজা-অৰ্চনা কৰে। একেটা চৌহদত থকা কৰুণাময় শিৱ মন্দিৰতো তেওঁ সেৱা জনায়। ড০ শৰ্মাই মন্দিৰটোৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ পৰা ১০ লাখ টকা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে৷