ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 18, 2025 12:32 PM | Tinishukia

printer

আলফা স্বাধীনৰ কাকপথাৰ সেনা চাউনীত আক্ৰমণৰ ফলত ৩ জন সেনাবাহিনীৰ জোৱান আহত

নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ এটা গোটে বৃহস্পতিবাৰৰ মাজনিশা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এক নম্বৰ চেলেংগুৰীত থকা সেনা চাউনীত আক্ৰমণৰ ফলত তিনিজন সেনাবাহিনীৰ জোৱান আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে সেইদিনা নিশা প্রায় ১২ বাজি ৪০ মিনিটত আলফা স্বাধীনৰ কেইজনমান সদস্যই এখন ট্রাকত আহি নাইনটিন গ্রেনেডিয়াৰছ ৰেজিমেণ্টৰ সেনা চাউনীলৈ লক্ষ্য কৰি নির্বিচাৰ গুলীবর্ষণ কৰে। প্ৰত্যুত্তৰত সেনায়ো চাৰিটা ৰকেট প্রপেলড গ্রেনেডেৰে আক্ৰমণ কৰে। প্রায় আধাঘণ্টা ধৰি চলা সেনা আৰু আলফাৰ মাজৰ সংঘৰ্ষই কাকপথাৰবাসীৰ মাজত আতংকৰ সৃষ্টি কৰে। এগৰাকী প্ৰতিৰক্ষা মুখপাত্রই প্রকাশ কৰা মতে দুয়োপক্ষৰ মাজত ধাৰাষাৰ গুলীবর্ষণৰ পাছত আলফা স্বাধীনৰ দলটো পলায়ন কৰিবলৈ সমর্থ হয়। কৰ্তব্যৰত সেনা জোৱানসকলে অঞ্চলটোৰ জনসাধাৰণৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ বাবে তাৎক্ষণিকভাবে ব্যবস্থা গ্ৰহণ কৰে বুলি মুখপাত্রগৰাকীয়ে প্রকাশ কৰে।

ইপিনে আলফা স্বাধীনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি প্ৰকাশ কৰা এটা বিবৃতিত কয়, যে এয়া আছিল সংযুক্ত মুক্তিবাহিনী অসমৰ সেনানীসকলৰ প্ৰতিশোধ অভিযানৰ জৰিয়তে ঔপনিৱেশিক ভাৰতীয় দখলদাৰী বাহিনীৰ বিৰুদ্ধে আক্রমণ। এই ঘটনাৰ পাছতে তিনিচুকীয়া জিলাত সুৰক্ষা বাহিনীয়ে বিশেষ সতর্কতা জাৰি কৰাৰ লগতে জিলাখনত উগ্রপন্থী কার্যকলাপ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে। আলফা স্বাধীনে সেনা শিবিৰ আক্ৰমনত ব্যৱহাৰ কৰা ট্রাকখন কালি পুৱা অসম-অৰুণাচল প্রদেশ সীমান্তবর্তী টেঙাপানীৰ ন-দিহিং নদীৰ পাৰত উদ্ধাৰ কৰা হয়।মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ আক্ৰমণ সন্দৰ্ভত কয়, যে ম্যানমাৰৰ পৰা নিয়ন্ত্রিত আলফা স্বাধীন আৰু অন্যান্য গোটে সমন্বিতভাৱে এনে ধৰণৰ আক্ৰমণ চলোৱাৰ চেষ্টা কৰিছে।