ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 27, 2025 7:11 PM | Tinshukia

printer

সপ্তাহজোৰা কাৰ্যসূচীৰে তিনিচুকীয়াৰ ৱ’মেনছ কলেজৰ ৫৯ সংখ্যক বাৰ্ষিক মহাবিদ্যালয় সমাৰোহ আৰম্ভ

তিনিচুকীয়াৰ ৱ’মেনছ কলেজৰ ৫৯ সংখ্যক বাৰ্ষিক মহাবিদ্যালয় সমাৰোহ আজিৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° মৃগাংক চৌধুৰীয়ে পতাকা উত্তোলন কৰে। ছাত্ৰ একতা সভাৰ দ্বাৰা সমাৰোহৰ শিখা প্রজ্বলন কৰাৰ পাছতে উদ্বোধনী ভাষণত অধ্যক্ষ ড° চৌধুৰীয়ে ছাত্ৰীসকলক ক্রীড়াসুলভ মনোভাৱেৰে সকলো খেলত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ছাত্রী একতাৰ সভাৰ সভানেত্রী জেৰিনা মৰাণে ছাত্ৰীসকলক ক্রীড়াসুলভ মনোভাৱেৰে প্ৰতিটো খেলত অংশগ্ৰহণ কৰাৰ শপতবাক্য পাঠ কৰোৱায়। উদ্বোধনী অনুষ্ঠানৰ পাছতে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

 

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।