ডাউনলোড
মোবাইল এপ

android apple
signal

দেশত আজিৰ পৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বলৱৎ

দেশত আজিৰ পৰা তিনিখন নতুন ফৌজদাৰী আইন ক্রমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বলৱৎ হয়। কেন্দ্ৰীয় চৰকাৰে এই পৰিপ্ৰেক্ষিতত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰিছে আৰু সকলোৱে এই নতুন ফৌজদাৰী আইন কেইখন ৰূপায়ন কৰাৰ ক্ষেত্ৰত প্ৰযুক্তি, দক্ষতা নির্মাণ তথা সজাগতা বৃদ্ধি কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে। নতুন আইন কেইখন ৰূপায়ন কৰাৰ বাবে আৰক্ষী আৰু অনুসন্ধান প্ৰাধিকৰণক সকলো ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আকাশবাণী আৰু দূৰদৰ্শনৰ বাতৰি, অনুষ্ঠান, আলোচনা তথা সামাজিক মাধ্যমৰ জৰিয়তে এই সন্দৰ্ভত বিশদ বিশ্লেষণ কৰা হৈছে। তদুপৰি জনসাধাৰণক এই বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ আলোচনা, তথ্য সমৃদ্ধ ৱেবছাইট, মন্ত্ৰী পৰ্যায়ৰ ৱেবিনাৰ আদিৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে বিদ্যালয় আৰু উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ পাঠ্যক্ৰমত এই বিষয়সমূহ অন্তৰ্ভুক্ত কৰাৰ বাবেও প্ৰয়াস কৰা হৈছে। নতুন ফৌজদাৰী আইন কেইখনে প্ৰযুক্তিৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় অপৰাধ সংগ্রহ ব্যুৰ’ৱে বৰ্তমান কাৰ্যক্ষম হৈ থকা ক্রাইম এণ্ড ক্রিমিনেল ট্রেকিং নেটৱৰ্কছ এণ্ড ছিষ্টেমছ চমুকৈ চিচিটিএনএছ এপ্লিকেচনত ২৩টা সংশোধন কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।