এটা উল্লেখযোগ্য ঘটনাক্ৰমত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে চীনৰ বাহিৰে আন সকলো দেশৰ বাবে প্রতিশুল্ক ব্যৱস্থা ৯০ দিনৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যম যোগে শ্রীট্রাম্পে কয়, যে তেওঁ শুল্ক পৰিকল্পনাৰ অংশ হিচাপে ৯০ দিনৰ স্থগিতকৰণত অনুমোদন জনাইছে। অৱশ্যে চীনৰ বাবে শুল্কৰ হাৰ ততালিকে কাৰ্যকৰী হোৱাকৈ ১২৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। শ্ৰীট্টাম্পে কয়, যে চীনত বিশ্ব বজাৰৰ প্ৰতি সন্মানৰ অভাৱৰ পৰিপ্ৰেক্ষিতত তেওঁ দেশখনৰ ক্ষেত্ৰত প্ৰযোজ্য শুল্ক বৃদ্ধি কৰাৰ সিদ্ধান্ত ল’বলগীয়া হৈছে। শ্ৰীট্টাম্পে যোৱা সপ্তাহত প্ৰতিশুল্ক আৰোপ কৰা ৭৫ খন অন্য দেশক সকাহ প্ৰদান কৰি কয়, যে তেওঁলোকে আমেৰিকাৰ সৈতে ব্যৱসায়ৰ ভাৰসাম্যৰ সমস্যা দূৰ কৰাৰ বাবে বিনয় আৰু সক্ৰিয় দৃষ্টিভংগী গ্ৰহণ কৰালৈ চাই এই শুল্ক ততালিকে স্থগিত ৰখা হৈছে। ইয়াৰ আগেয়ে চীনে কালি আমেৰিকাৰ পৰা আমদানি কৰা সকলো সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিশুল্ক মাজনিশাৰ পৰা প্ৰযোজ্য হোৱাকৈ ৩৪ শতাংশৰ পৰা ৮৪ শতাংশলৈ বৃদ্ধি কৰিছিল। আমেৰিকাই ভাবুকি প্ৰদান কৰা বুলি বেইজিং মহলে অভিযোগ তোলে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতে আমেৰিকাই প্ৰতিশুল্ক আৰোপ কৰাৰ বিষয়টো সূক্ষ্মভাৱে পর্যৱেক্ষণ কৰি আছে বুলি প্ৰকাশ কৰিছে।
Site Admin | April 10, 2025 10:16 AM | The US President Donald Trump's tariffs
চীনৰ বাহিৰে আন সকলো দেশৰ বাবে আমেৰিকাৰ প্রতিশুল্ক ব্যৱস্থা ৯০ দিনৰ বাবে বন্ধ ঘোষণা ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ
