ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই ৰাজ্যখনৰ ১৪ গৰাকী মন্ত্ৰীৰ বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বৰ সালসলনি কৰিছে। এই অনুসৰি ৰণজিৎ কুমাৰ দাসক কৰিমগঞ্জ, ধুবুৰী আৰু বঙাইগাঁও, অতুল বৰাক কামৰূপ মহানগৰ আৰু নলবাৰী, উৰ্খাও গৌৰা ব্ৰহ্মক কোকৰাঝাৰ আৰু চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। একেদৰে অশোক সিংঘলক গোৱালপাৰা আৰু বিশ্বনাথ, কেশৱ মহন্তক মৰিগাঁও, দৰং আৰু দক্ষিণ শালমাৰা, অজন্তা নেওগক যোৰহাট আৰু নগাঁও, চন্দ্ৰমোহন পাটোৱাৰীক কামৰূপ, বৰপেটা আৰু বজালী জিলাৰ দায়িত্ব দিয়া হৈছে। ইপিনে মন্ত্ৰী ৰণোজ পেগুক শিৱসাগৰ, লখিমপুৰ, মাজুলী, সঞ্জয় কিষাণক গোলাঘাট, ডিমা হাছাও, পীযূষ হাজৰিকাক শোণিতপুৰ, ওদালগুৰি, হোজাই আৰু যোগেন মহনক ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। একেদৰে মন্ত্ৰী বিমল বৰাক তিনিচুকীয়া আৰু চৰাইদেউ, জয়ন্ত মল্লবৰুৱাক কাছাৰ, হাইলাকান্দি, বাক্সা, তামুলপুৰ আৰু নন্দিতা গালোচাক কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অর্পণ কৰা হৈছে।
Site Admin | September 10, 2024 9:24 PM | The updated list of Guardian Ministers for various districts
ৰাজ্যৰ ১৪গৰাকী অভিভাৱক মন্ত্ৰীৰ দায়িত্বৰ সালসলনি