ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চলিত বছৰৰ মাৰ্চত মুঠ সামগ্ৰী আৰু সেৱাকৰৰ ৰাজহ সংগ্ৰহ এতিয়ালৈ দ্বিতীয় সর্বাধিক হিচাপে পৰিগণিত

চলিত বছৰৰ মাৰ্চত মুঠ সামগ্ৰী আৰু সেৱাকৰৰ ৰাজহ সংগ্ৰহ এতিয়ালৈ দ্বিতীয় সর্বাধিক হিচাপে পৰিগণিত হৈছে। বছৰি ১১ শতাংশতকৈও অধিক বৃদ্ধি হৈ এইবেলি এই পৰিমাণ হৈছে, ১ লাখ ৭৮ হাজাৰ কোটি টকা। কেন্দ্রীয় বিত্ত মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, ১৭.৬ শতাংশ ঘৰুৱা লেন-দেনৰ জৰিয়তে জি এছ টি সংগ্রহত উল্লেখনীয় বৃদ্ধি হোৱাৰ ফলত এই অভিলেখ সৃষ্টি হৈছে। যোৱাটো বিত্তীয় বৰ্ষত মাহিলী সংগ্ৰহৰ পৰিমাণ আছিল গড়ে ১ লাখ ৬৮ হাজাৰ কোটি টকা। তাৰ পূৰ্বৰ বছৰৰ গড়ে ১ লাখ ৫০ হাজাৰ কোটি টকাতকৈ এই পৰিমাণ অধিক আছিল। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, চলিত বৰ্ষৰ মাৰ্চত ধনৰ প্রত্যর্পণৰ মুঠ জি এছ টি ৰাজহ সংগ্ৰহ ১ লাখ ৬৫ হাজাৰ কোটি টকা। এই পৰিমাণ বিগত বৰ্ষৰ একেটা সময়ৰ তুলনাত ১৮.৪ শতাংশৰো অধিক৷