ইৰানৰ চৰকাৰী সম্প্ৰচাৰ কেন্দ্ৰ ইছলামিক ৰিপ্লাবিক অৱ ইৰান ব্ৰডকাষ্টিং চমুকৈ আই আৰ আই বিৰ ওপৰত ইজৰাইলে আক্রমণ চলাই ইয়াৰ আন্তঃগাঁথনি ধ্বংস কৰে। ইজৰাইলৰ সামৰিক বিষয়াই জনোৱা অনুসৰি ইৰানৰ সকলো ধৰণৰ আন্তঃগাঁথনি ধ্বংস কৰি দিয়াৰ অংশ হিচাপে এই সম্প্ৰচাৰ কেন্দ্ৰটোতো আক্ৰমণ চলোৱা হৈছে। উল্লেখযোগ্য যে ইৰান আৰু ইজৰাইলৰ মাজত সম্প্ৰতি চলি থকা যুদ্ধখনত দুয়োখন দেশে পৰস্পৰৰ সামৰিক ঘাটি আৰু আন্তঃগাঁথনি ধ্বংস কৰি আহিছে। ইয়াৰ পূৰ্বে কালি ইৰানে ক্ষেপণাস্ত্ৰৰ জৰিয়তে ইজৰাইলৰ তেল আভিভ আৰু বন্দৰ নগৰী হাইফাত আক্ৰমণ কৰি বহুসংখ্যক বাসগৃহ ধ্বংস কৰাৰ লগতে অসামৰিক লোকক মৃত্যুৰ মুখলৈ ঠেলি দিছিল। ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলে তেহৰানত থকা ইৰানৰ আই আৰ আই বিকে ধৰি চৰকাৰী প্ৰচাৰ মাধ্যমৰ ভৱনত আক্রমণ চলায়। কালি পোনপটীয়া সম্প্ৰচাৰ চলি থকাৰ সময়তে ইজৰাইলে ইৰানৰ আই আৰ আই বি প্ৰচাৰ মাধ্যমৰ ভৱনটোৰ আন্তঃগাঁথনি ধ্বংস কৰে। ইৰান আৰু ইজৰাইলৰ মাজত বৰ্ধিত উত্তেজনাৰ পৰিপ্ৰেক্ষিতত জি-ছেভেন সন্মিলনৰ শীৰ্ষ নেতাসকলে উদ্বেগ প্রকাশ কৰাৰ লগতে এই সংঘাত নিৰাময়ৰ বাবে প্ৰচেষ্টা চলাই আছে। ইপিনে তেহৰানে কাটাৰ, ছৌদি আৰৱ আৰু ওমানক মধ্যস্থতাকাৰী হিচাপে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক যুদ্ধ বিৰতিৰ বাবে ইজৰাইলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে। বিগত ৪ দিনত দুয়োখন দেশে আনখন দেশৰ সামৰিক ঘাটি, পাৰমাণৱিক কেন্দ্ৰ আৰু অসামৰিক আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি কৰি আহিছে।
Site Admin | June 17, 2025 9:47 AM | The Islamic Republic of Iran Broadcasting (IRIB)
ইৰানৰ চৰকাৰী সম্প্ৰচাৰ কেন্দ্ৰ ইছলামিক ৰিপ্লাবিক অৱ ইৰান ব্ৰডকাষ্টিঙত ইজৰাইলৰ আক্রমণ
