গুৱাহাটীত অনুষ্ঠিত ডিজিটেল ক্ৰ’প ছাৰ্ভে আৰু ফাৰমাৰ্ছ ৰেজেষ্ট্ৰী প্ৰশিক্ষণ তথা কৰ্মশালা উদ্বোধন কৃষিমন্ত্ৰী অতুল বৰাৰ

ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই আজি অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণৰ মন্ত্ৰ্যালয়ৰ সহযোগত গুৱাহাটীত অনুষ্ঠিত ডিজিটেল ক্ৰ’প ছাৰ্ভে আৰু ফাৰমাৰ্ছ ৰেজেষ্ট্ৰী প্ৰশিক্ষণ তথা কৰ্মশালাৰ উদ্বোধন কৰে। দুদিনীয়া এই প্ৰশিক্ষণ শিবিৰত ৰাজ্যৰ ২৯ খন জিলাৰ ৬৪৯ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে কালি সদনত উত্থাপন কৰা ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ডিজিটেল পাব্লিক ইনফ্রাষ্ট্ৰাকচাৰ সন্দৰ্ভত অগ্ৰাধিকাৰ ভিত্তিক গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ অধীনত অসমৰ লগতে অন্যান্য ৰাজ্যৰ মুঠ ৪০০ খন জিলাত ডিজিটেল ক্ৰ’প ছাৰ্ভেৰ কাম আৰম্ভ কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে। এই উদ্বোধনী অনুষ্ঠানত ৰাজ্য তথা কেন্দ্ৰীয় কৃষি, ৰাজহ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।