ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নপামৰ মাধৱদেৱ শিশু নিকেতনত তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ সর্বাত্মক আইনী সজাগতা অনুষ্ঠান

অধিকাৰ আৰু দায়বদ্ধতা সন্দৰ্ভত স্কুলীয়া শিক্ষাৰ্থীৰ সবলীকৰণ কৰাৰ লক্ষ্যৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন বিভাগে যোৱা শুকুৰবাৰে নপামস্থিত মাধৱদেৱ শিশু নিকেতন বিদ্যালয়ত এটা সর্বাত্মক আইনী সজাগতা অনুষ্ঠানৰ আয়োজন কৰে। নাৰ্চাৰীৰ পৰা দশম শ্রেণীলৈ দুই শতাধিক শিক্ষার্থীয়ে এই দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ এল এল এম বিভাগৰ দ্বিতীয় আৰু চতুৰ্থ ষান্মাসিকৰ শিক্ষাৰ্থীসকলে বাটৰ নাট পৰিৱেশন কৰে। শিশুৰ যৌন নির্যাতন, শিশু শ্রমিক আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ বিষয়ত বাটৰ নাট পৰিৱেশন কৰা হয়। ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ এই সংবেদনশীল বিষয়সমূহৰ ওপৰত সজাগতা বৃদ্ধি কৰা হৈছে। বিশ্ববিদ্যালয়খনৰ আইন বিভাগৰ শিক্ষাৰ্থীসকলে স্কুলীয়া শিক্ষাৰ্থীসকলক শিক্ষাৰ অধিকাৰ, শিশু শ্রমিক, বিনামূলীয়া আইনী সাহায্যৰ সুবিধা ইত্যাদি বিষয়সমূহৰ ওপৰত অৱগত কৰে। অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ অধ্যাপকসকল আৰু বিদ্যালয়খনৰ অধ্যক্ষগৰাকী উপস্থিত আছিল বুলি প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।