December 8, 2025 11:36 AM | Tezpur university

printer

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য শম্ভুনাথ সিঙক উপাচাৰ্যৰ দায়িত্বৰ পৰা অব্যাহতি

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত হোৱা অনিয়মৰ পৰিপ্ৰেক্ষিতত কালি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগে তেওঁক প্ৰশাসনিক কাম-কাজৰ পৰা কিছুদিনৰ বাবে অব্যাহতি দিয়ে। উপাচাৰ্যজনৰ বিৰুদ্ধে উত্থাপিত দুর্নীতি অনিয়মৰ অভিযোগসমূহৰ বুজ ল’বলৈ বিশ্ববিদ্যালয়খনত উপস্থিত হোৱা কেন্দ্রীয় শিক্ষা বিভাগৰ উচ্চ পৰ্যায়ৰ দলটোৱে ভাৰপ্ৰাপ্ত উপাচার্য অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য আৰু ছাত্ৰ-ছাত্ৰীৰ প্রতিনিধিসহ ঐক্যমঞ্চৰ বিষয়ববীয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। কেন্দ্ৰীয় শিক্ষা বিভাগৰ সচিব আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ কাৰ্যবাহী অধ্যক্ষ ড° বিনীত যোশী আৰু যুটীয়া সচিব সৌম্য গুপ্তাকে ধৰি তিনিজনীয়া দলটোৱে বৈঠকৰ অন্তত সমগ্র বিষয়টো শিক্ষা মন্ত্ৰ্যনালয়ক পৰৱৰ্তী পদক্ষেপৰ বাবে অৱগত কৰিব বুলি সদৰী কৰে। তদন্ত প্রক্রিয়া সম্পূর্ণ নোহোৱালৈকে শম্ভুনাথ সিং কোনো প্রশাসনিক পদত অথবা দায়িত্বত নাথাকিব বুলিও দলটোৱে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, যোৱা ৪ ডিচেম্বৰত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কর্মচাৰীয়ে ১৯৯৩ চনৰ তেজপুৰ বিশ্ববিদ্যালয় আইনৰ দুই নম্বৰ অনুচ্ছেদৰ ছয় নম্বৰ দফা অনুসৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকী এমাহতকৈ অধিক দিন দায়িত্বৰ পৰা আঁতৰি থকাৰ পৰিপ্ৰেক্ষিতত জ্যেষ্ঠ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব অর্পণ কৰে। পৰৱৰ্তী সময়ত কেন্দ্রীয় শিক্ষা বিভাগে অধ্যাপক ভট্টাচাৰ্যৰ এই নিযুক্তিত অনুমোদন প্রদান কৰে।