তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক বাতাবৰণ সুস্থিৰ কৰি তোলাৰ বাবে শীঘ্রেই এগৰাকী ভাৰপ্ৰাপ্ত উপাচার্য নিযুক্তি দিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানক অনুৰোধ জনাইছে। যোৱা প্ৰায় আঢ়ৈ মাহ ধৰি বিশ্ববিদ্যালয়খনত চলি থকা অচলাবস্থা সন্দর্ভত কালি মুখ্যমন্ত্রীয়ে কেন্দ্রীয় শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। বিশ্ববিদ্যালয়খনৰ বৰ্তমান উপাচাৰ্যগৰাকী দীর্ঘদিন ধৰি আঁতৰি থকাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত চলি আছে যদিও ছাত্ৰ ছাত্ৰীৰ যাতে ক্ষতি নহয় তাৰপ্ৰতি লক্ষ্য ৰাখি ভাৰপ্ৰাপ্ত উপাচার্য নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনাইছে। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে উত্থাপিত অনিয়মৰ অভিযোগ সন্দৰ্ভত ইয়াৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কর্মচাৰীসকলে প্রতিবাদ অব্যাহত ৰাখিছে।
ইয়াৰ আগেয়ে তেজপুৰ বিশ্ববিদ্যালয়ত যোৱা প্ৰায় দুমাহ ধৰি সৃষ্টি হোৱা অচলাৱস্থাৰ অৱসান ঘটাবলৈ মঙলবাৰে সাংসদ অজিত কুমাৰ ভূঞাইও ৰাজ্যসভাত কেন্দ্রীয় শিক্ষামন্ত্রীক আহ্বান জনাইছিল। ১৯৯৪ চনৰ সংশ্লিষ্ট আইনৰ অধীনত প্রতিষ্ঠা হোৱা এই কেন্দ্রীয় বিশ্ববিদ্যালয়খনত সংঘটিত বিভিন্ন অনিয়ম সন্দর্ভত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সম্প্রদায় আৰু শিক্ষক কর্মচাৰীসকলে প্রতিবাদ সাব্যস্ত কৰি কৰি অহাৰ পৰিপ্ৰেক্ষিতত বিষয়টো শীঘ্রেই নিষ্পত্তিৰ প্রয়োজন হৈছে বুলি তেওঁ উল্লেখ কৰিছিল। তেওঁ লগতে উপাচাৰ্যগৰাকী যোৱা প্রায় দুমাহ ধৰি বিশ্ববিদ্যালয়খনৰ পৰা আঁতৰি আছে আৰু তেওঁৰ কাম-কাজ সম্পৰ্কে অসম চৰকাৰে গঠন কৰা উচ্চ পৰ্যায়ৰ তদন্ত সমিতিয়েও কেতবোৰ গুৰুত্বপূৰ্ণ বিসংগতি ধৰা পেলাইছে বুলিও সদনত উল্লেখ কৰিছিল।