ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 28, 2025 6:30 PM | TEZPUR

printer

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বালিকা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বালিকা মহাবিদ্যালয়ত আজি ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বালিকা মহাবিদ্যালয়খনৰ লগতে তেজপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুশৰো অধিক শিক্ষার্থীয়ে অংশ গ্রহণ কৰে ৷

অসমৰ ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত দেশৰ অখণ্ডতা আৰু সার্বভৌমত্ব ৰক্ষাত দেশৰ সেনা বাহিনীয়ে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ ওপৰত আলোকপাত কৰা হয়। এই কাৰ্যসূচীত সেনা বাহিনীৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।