বৰ্তমানৰ এন ডি এ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত অগ্ৰাধিকাৰ দিছে বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্রী গিৰিৰাজ সিঙে প্রকাশ কৰিছে। গুৱাহাটীত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰ সম্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অটল বিহাৰী বাজপেয়ীয়ে ড’নাৰ মন্ত্ৰালয়ৰ পৰিকল্পনা কৰিছিল আৰু বৰ্তমান চৰকাৰে তৃণমূল পর্যায়ত উন্নয়নৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছে। সম্প্রতি উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্রায় ৬ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ১০-১২ শতাংশ হৈছে। তেওঁ লগতে ৭৫ লাখ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। দেশৰ বস্তু উদ্যোগে বিকাশ লাভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
সন্মিলনত ভাগ লৈ বস্ত্ৰ ৰাজ্য মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, যে বস্ত্ৰ মূল্য শৃংখলাৰ কোনো সীমা নাথাকে আৰু উমৈহতীয়া আন্তঃগাঁথনি, সূচল পৰিবহণ আৰু দক্ষতা বিকাশৰ সমন্বিত প্ৰচেষ্টাৰ ওপৰতে ইয়াৰ সফলতা নিৰ্ভৰ কৰে।
কেন্দ্ৰীয় সন্মিলনখনৰ বিষয়বস্তু হৈছে- ভাৰতৰ বস্ত্ৰ: বয়ন বিকাশ, ঐতিহ্য আৰু উদ্ভাৱন। এই সন্মিলনত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ বস্ত্ৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে অংশগ্রহণ কৰিছে। এই সম্মিলনৰ লক্ষ্য হৈছে বস্ত্রখণ্ডত নতুন নীতি, বিনিয়োগ, বহনক্ষমতা, ৰপ্তানি, আন্তঃগাঁথনিৰ বিকাশ আৰু বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত প্ৰযুক্তিগত উন্নয়নৰ দিশসমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে এখন মঞ্চ প্রদান কৰা। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰ্যালয়ৰ সূত্রই প্রকাশ কৰা মতে ২০৩০ চনৰ ভিতৰত ভাৰতে বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত গোলকীয়ভাৱে সুকীয়া পৰিচয় গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি কাম কৰিবলৈ বিচাৰিছে। সন্মিলনৰ সৈতে সংগতি ৰাখি দেশৰ বস্ত্ৰ শক্তি, উদ্ভাৱন আৰু সমৃদ্ধ ঐতিহ্যক চিহ্নিত কৰা এখন প্রদর্শনীৰো আয়োজন কৰা হৈছে। এই সম্মিলনে জিলাসমূহত বস্তুৰ মূল্য শৃংখল শক্তিশালী কৰাৰ লক্ষ্যৰে সৰ্বশ্রেষ্ঠ অনুশীলন, প্রত্যাহ্বান আৰু নীতিগত পৰামৰ্শসমূহৰ আদান-প্রদান কৰিব বুলি আশা কৰা হৈছে।