October 17, 2025 8:12 PM | Tet result

printer

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। পৰীক্ষার্থীসকলে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট madhyamik.assam.gov.in ত তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। অহা ২৫ অক্টোবৰৰ ভিতৰত নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষক পদৰ ফলাফলসমূহো ঘোষণা কৰা হ’ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে।