January 18, 2025 7:40 PM | Tet exam

printer

কাইলৈ প্রাদেশিকীকৃত মাধ্যমিক বিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষা

শিক্ষা বিভাগে প্রাদেশিকীকৃত মাধ্যমিক বিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত কৰিব। কাইলৈ দুয়োবেলা দুটা পৰ্যায়ত অনুষ্ঠিত হবলগীয়া পৰীক্ষাত স্নাতক পৰ্যায়ত ৩৯ হাজাৰ ২২৪ গৰাকী প্ৰাৰ্থী আৰু স্নাতকোত্তৰ পৰ্যায়ত ৩০ হাজাৰ ৩৫৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হব। টেট পৰীক্ষাৰ সময়ছোৱাত শান্তিশৃংখলা অটুট ৰখাৰ বাবে বিভিন্ন জিলাত কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। জিলাসমূহত জাৰি কৰা নিৰ্দেশনা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰাৰ্থী আৰু পৰীক্ষাৰ সৈতে জড়িত কৰ্তৃপক্ষৰ বাহিৰে আন ব্যক্তিৰ উপস্থিতি নিষিদ্ধ কৰা হৈছে। তদুপৰি পৰীক্ষাকেন্দ্ৰৰ চাৰিওফালে বাহন ৰখাৰ ব্যৱস্থা সীমিত কৰা হৈছে। পৰীক্ষা কেন্দ্ৰলৈ মবাইল ফোন, কেলকুলেটৰ, স্মার্ট হাতঘড়ী, ব্লুটুথ আদি ইলেকট্রনিক সঁজুলি অনাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।