ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 21, 2024 8:01 PM | Tet exam

printer

অহা ১৯ জানুৱাৰীত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক পদৰ বাবে টেট পৰীক্ষা

ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক পদৰ বাবে টেট তথা নিযুক্তি পৰীক্ষা অহা ১৯ জানুৱাৰীত অনুষ্ঠিত হব। গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে অহা ২৯ ডিচেম্বৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে হবলগীয়া টেট তথা নিযুক্তি পৰীক্ষা পিছুৱাবলৈ শিক্ষা বিভাগক দিয়া নিৰ্দেশৰ পাছতে বিভাগে আজি এই বিষয়ে প্ৰকাশ কৰিছে।

অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্ৰকাশ কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে ৩ জানুৱাৰীৰ দিনৰ ১১ বজাৰ পৰা মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট madhyamik.assam.gov.inৰ জৰিয়তে প্ৰৱেশ পত্ৰসমূহ পুনৰ ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে, ২৯ ডিচেম্বৰত এই পৰীক্ষা হোৱাৰ কথা আছিল যদিও পৰীক্ষাৰ পাঠ্যসূচী সলনি কৰাক লৈ ৬২ জন প্রার্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰে। আবেদনৰ শুনানি গ্ৰহণ কৰি কালি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনীষ চৌধুৰীৰ এজনীয়া বিচাৰপীঠে এই সন্দৰ্ভত নিৰ্দেশ প্ৰদান কৰে। গোচৰীয়া পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে যুক্তি দৰ্শাই কয়, যে খেল এখন আৰম্ভ কৰাৰ পাছত নিয়ম সলনি কৰাটো যুক্তিসন্মত নহয়। উল্লেখযোগ্য যে, শিক্ষা বিভাগে ৫ ডিচেম্বৰতহে গণিত বিষয়টো নতুনকৈ পৰীক্ষাৰ পাঠ্যসূচীত অন্তৰ্ভুক্ত কৰে। গোচৰীয়া পক্ষৰ অধিবক্তাৰ এই যুক্তি মানি লৈ ন্যায়ালয়ে পৰীক্ষাৰ দিন কমেও ১৫ দিন পিছুৱাই দিবলৈ শিক্ষা বিভাগক নির্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।