ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 10, 2025 1:34 PM | Tet exam

printer

নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে ৫,৫৫০ গৰাকী টে’ট উত্তীর্ণ প্রার্থীক নিযুক্তিপত্র প্ৰদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে বাছনিকৃত ৰাজ্যৰ ৫ হাজাৰ ৫৫০ গৰাকী টে’ট উত্তীর্ণ প্রার্থীক নিযুক্তিপত্র প্ৰদান কৰে। ইয়াৰে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৩ হাজাৰ ৮০০ গৰাকী আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ এহেজাৰ ৭৫০ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে শিক্ষক সমল পেকেজৰ অধীনত শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত ৮ হাজাৰ ৭৯৯টা টেবলেট বিতৰণ কৰে। তেওঁ লগতে ‘আৰোহণ আঁচনি’ৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক ৪ হাজাৰ ২৮০টা টেবলেট প্ৰদান কাৰ্যসূচীৰো শুভাৰম্ভ কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজ্য চৰকাৰে স্বচ্ছতাৰ ভিত্তিত নিযুক্তি প্ৰদানৰ ফলত বৰ্তমান যুৱক-যুৱতীসকলৰ মাজত নতুন প্ৰেৰণাৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে। তেওঁ কয়, যে এতিয়া চৰকাৰী খণ্ডত সংস্থাপন নোপোৱা যুৱক-যুৱতীসকলে ব্যক্তিগত খণ্ডত নিযুক্তি পাব পৰাৰ এটা পৰিবেশ ৰাজ্যত সৃষ্টি হৈছে।