ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এখন ৰুদ্ধদ্বাৰ বৈঠকত পেহেলগাম সন্ত্রাসবাদী আক্রমণক লৈ পাকিস্তানক প্ৰশ্ন কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজৰ বৰ্ধিত উত্তেজনাৰ মাজত অনুষ্ঠিত এই বৈঠকত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কেইবাখনো সদস্য ৰাষ্ট্ৰই পাকিস্তানক সমালোচনা কৰে আৰু এই আক্ৰমণক পাকিস্তানস্থিত লস্কৰ এ তৈয়বাৰ ভূমিকাক লৈ উদ্বেগ প্রকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষ ইৱেগেলোছ ছেকেৰিছে বৈঠকখন ফলপ্রসূ বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে শান্তিৰ প্ৰতি সমৰ্থন আৰু উত্তেজনা হ্ৰাস কৰাৰ ক্ষেত্ৰত পৰিষদৰ ভূমিকাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘৰ সহকাৰী সচিব প্রধান মহম্মদ খালিদ খিয়াৰিয়ে বৈঠকত কয় যে সকলো পক্ষকে উত্তেজনা হ্ৰাস কৰিব বিচাৰে। ৰাষ্ট্ৰসংঘত ৰাছিয়া উপস্থায়ী প্রতিনিধি আন্না এৱস্তিগ্গীৱাই উত্তেজনা হ্রাস পাব বুলি আশা প্রকাশ কৰে।
বৈঠকত ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটেৰেছে স্থিতি অধিক উত্তেজনাপূর্ণ বুলি মন্তব্য কৰে। তেওঁ লগতে ভাৰত আৰু পাকিস্তান উভয়কে সামৰিক সংঘাত এৰাই চলিবলৈ আহ্বান জনায়। ২৬ জনকৈ নিৰীহ লোকৰ প্রাণ কাঢ়ি লোৱা পেহেলগাম আক্রমণক গৰিহণা দি গুটেৰেছে কয়, যে এই ঘটনাক লৈ সৃষ্টি হোৱা ক্ষোভৰ বিষয়ে তেওঁ বাৰুকৈয়ে অৱগত।
Site Admin | May 6, 2025 8:19 PM | terrorist atteck
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত পেহেলগাম সন্ত্রাসবাদী আক্রমণক লৈ পাকিস্তানক প্ৰশ্ন উত্থাপন
