ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 28, 2025 1:01 PM | Tennis

printer

বেংগালুৰু অপেন টেনিছ প্রতিযোগিতাত সিদ্ধান্ত বন্থিয়া আৰু পৰিক্ষিত চোমানি পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ সিদ্ধান্ত বন্থিয়া আৰু পৰিক্ষিত চোমানিৰ যুটীটো বেংগালুৰু অপেন টেনিছ প্রতিযোগিতাত পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। সিদ্ধান্ত আৰু পৰিক্ষিতৰ যুটীটোৱে কালি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত নিকলাচ মেজিয়া আৰু বাৰ্ণাৰ্ড টমিক ৭-৫, ৬-০ পোনপটীয়া ছেটত পৰাস্ত কৰে। সিদ্ধান্ত আৰু পৰিক্ষিত আজি ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ ব্লেক বেয়লণ্ড আৰু মেথিউ ক্রিষ্টোফাৰ ৰোমিয়োছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইয়াৰ পূৰ্বে যোৱাবাৰৰ চেম্পিয়ন ৰাম কুমাৰ ৰামনাথন আৰু ছাকেট মাইনেনীৰ যুটীটোৱে হাইনেক বাৰ্তন আৰু এৰিক ৱানচেলবোইমক ৬-৩, ৬-৩ ছেটত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ৰাম কুমাৰ আৰু ছাকেটৰ যুটীটো আজি ছেমি ফাইনেলত ভাৰতৰ অনিৰুদ্ধ চন্দ্ৰশেখৰ আৰু টাইৱানৰ ৰে হোৰ বিৰুদ্ধে খেলিব।