February 8, 2025 12:47 PM | Tennis

printer

এল এণ্ড টি মুম্বাই অপেন টেনিছ প্রতিযোগিতাত মায়া ৰাজেশ্বৱৰণ ছেমি ফাইনেলত প্ৰৱেশ

এল এণ্ড টি মুম্বাই অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত মায়া ৰাজেশ্বৱৰণে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ১৫ বছৰীয়া খেলুৱৈগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ মেই য়ামাগুচিক ৬-৪, ৩-৬, ৬-২ ছেটত পৰাজিত কৰে। প্ৰতিযোগিতাৰ ছিংগলছত এতিয়ালৈকে বৰ্তি থকা মায়াই হৈছে একমাত্র ভাৰতীয় খেলুৱৈ। আজি হ’বলগীয়া ছেমি ফাইনেলত মায়াই ছুইজাৰলেণ্ডৰ জিল টেকমেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰাৰ্থনা থন্ত্ৰে আৰু এৰিয়েন হার্টোনোৱে ইডেন ছিলভা আৰু এনাষ্টাচিয়া তিখনোভাক ২-৬, ৬-৪, ১০-২ ছেটত পৰাজিত কৰি দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে।