এছ বি আই আই টি এফ জুনিয়ৰ জে-ছিক্সটি আন্তর্জাতিক টেনিছ প্রতিযোগিতাত অসমৰ শ্বেৰী শৰ্মাই প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আন্তর্জাতিক টেনিছ প্রতিযোগিতাখনৰ মূল ৰাউণ্ডত খেলাৰ সুযোগ লাভ কৰা অসমৰ খেলুৱৈগৰাকীয়ে আজি দ্বিতীয় দিনা দেশৰে প্ৰতিদ্বন্দ্বী সবর্ণীকা বিছানাকাৰক ৭-৫, ৬-১ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি ছোৱালীৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গুৱাহাটীৰ চচলত থকা অসম টেনিছ সন্থাৰ প্ৰকল্পত চলি থকা প্রতিযোগিতাখনৰ ল‘ৰাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ আন এখন খেলত অসমৰ আন এগৰাকী খেলুৱৈ ৰৌনক কাশ্যপে শীর্ষ বাছনিৰ আৰাধ্যা ক্ষিতিজৰ বিৰুদ্ধে ৬-০, ৬-১ পোনপটীয়া ছেটত পৰাস্ত হৈ বিদায় লয়। অসমৰ দুগৰাকী খেলুৱৈ ৱাইল্ড কার্ড লাভ কৰি মূল ৰাউণ্ডত খেলাৰ সুযোগ লাভ কৰিছে। ১৮ বছৰ অনুৰ্ধৰ ল‘ৰা আৰু ছোৱালীৰ আন্তর্জাতিক প্রতিযোগিতাখন আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচন চমুকৈ আই টি এফৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰিছে।
Site Admin | November 18, 2025 7:59 PM | Tennis
এছ বি আই আই টি এফ জুনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযোগিতাত শ্বেৰী শৰ্মা প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ