ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 2, 2025 8:41 PM | TELENGANA

printer

কে চন্দ্ৰশেখৰ ৰাৱৰ কন্যা কে. কবিতাক দল বিৰোধী কাৰ্য্য-কলাপত জড়িত থকাৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ

তেলেংগানাৰ ভাৰত ৰাষ্ট্ৰ সমিতিৰ অধ্যক্ষ, প্রাক্তন মুখ্যমন্ত্রী কে চন্দ্ৰশেখৰ ৰাৱে তেওঁৰ কন্যা তথা বিধান পৰিষদৰ সদস্য কে. কবিতাক দল বিৰোধী কাৰ্য্য-কলাপত জড়িত থকাৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰিছে। হায়দৰাবাদত আজি দলৰ অনুশাসনৰ দায়িত্বত থকা টি ৰবীন্দ্ৰৰ ৰাও আৰু সোমা ভাৰত কুমাৰে এই কথা ঘোষণা কৰি কে কবিতাৰ শেহতীয়া আচৰণ দলীয় স্বাৰ্থৰ বাবে ক্ষতিকাৰক বুলি কয়। শ্ৰীমতী কবিতাই কালেশ্বৰম প্ৰকল্পৰ চি বি আই তদন্ত চলি থকাৰ মাজতে তেওঁৰ খুৰাকৰ ল’ৰা হৰিশ ৰাও আৰু সন্তোষ কুমাৰে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ সৈতে গোপন বুজাবুজি কৰি ক চন্দ্ৰশেখৰ ৰাওক বদনাম কৰাৰ অভিযোগ তুলিছিল। উল্লেখযোগ্য যে, যোৱা বছৰ ১০০ কোটি টকাৰ সুৰা কেলেংকাৰীত কে কবিতাক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও ৫ সপ্তাহৰ পাছতেই তেওঁ জামিন লাভ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।