November 27, 2025 7:47 PM | sivasgar

printer

ৰাজ্যৰ বিভিন্ন ঠাইত চৰকাৰী কৰ্মচাৰীসকলৰ দিনজোৰা কৰ্মবিৰতি কাৰ্যসূচী পালন

চৰকাৰী কৰ্মচাৰীৰ বাবে ২০০৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা প্ৰৱৰ্তন কৰা নতুন পেন্সন আঁচনি বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত চৰকাৰী কৰ্মচাৰীসকলে দিনজোৰা কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে। গুৱাহাটীৰ খানাপাৰাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কৰ্মচাৰীসকলে সকলো চৰকাৰী কৰ্মচাৰীকে পুৰণি পেন্সন ব্যৱস্থাৰ আওতালৈ অনাৰ দাবীৰে বিভিন্ন শ্ল’গানেৰে অসম পশুধন উন্নয়ন অভিকৰণৰ কার্যালয় চৌহদত প্রতিবাদ সাব্যস্ত কৰে। এই প্রতিবাদী সভাত সদৌ অসম ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা কৰ্মচাৰী সংস্থাৰ সাংগঠনিক সম্পাদক, কামৰূপ মহানগৰ জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।

ধেমাজি জিলাতো পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহাল কৰাৰ দাবীৰে চৰকাৰী কৰ্মচাৰীসকলে কর্মবিৰতি পালন কৰে। ইয়াৰ ফলত আজি জিলা আযুক্তৰ কাৰ্যালয়ৰ সকলো কাম-কাজ সম্পূর্ণৰূপে বন্ধ থাকে।

বাক্সা জিলাৰ শালবাৰীত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল’গানেৰে কৰ্মচাৰীসকলে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে।

শিৱসাগৰ জিলাতো কর্মবিৰতিৰ ফলত জিলা আয়ুক্তৰ কাৰ্যালয়কে ধৰি বহুকেইটা চৰকাৰী কাৰ্যালয়ৰ স্বাভারিক কাম-কাজ ব্যাহত হয় বুলি আমাৰ সংবাদদাতাই জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।