সমগ্ৰ দেশত আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। শিক্ষাবিদ, দাৰ্শনিক তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সর্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্ৰদান কৰিব। নিজৰ সমৰ্পণ আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে শিক্ষাৰ মান উন্নত কৰা আৰু শিক্ষাৰ্থীসকলৰ জীৱনত গভীৰ প্ৰভাৱ পেলোৱা শিক্ষক- শিক্ষয়িত্ৰীসকলৰ স্বীকৃতি স্বৰূপে এই বার্ষিক বঁটা প্ৰদান কৰা হয়। এইবাৰ দেশৰ মুঠ ৬৬ গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰে সন্মানিত কৰা হ’ব। ইয়াৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৯ গৰাকী শিক্ষক আছে। অসম-অৰুণাচল সীমান্তৰ অতি পিছপৰা অঞ্চল নামচাং চাহ বাগিচা আদর্শ বিদ্যালয়ৰ শিক্ষক দেৱজিৎ ঘোষে এই সন্মানীয় কৃতী শিক্ষক বঁটাৰ বাবে বাছনি লাভ কৰিছে।
তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি ৰাজ্যিক কৃতী শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক বঁটা প্ৰদান কৰা হ’ব। অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহল উপস্থিত থাকিব। এই অনুষ্ঠানতে NAAC-ৰ মূল্যায়ণত এ-গ্রেড লাভ কৰা মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলক সম্বৰ্ধনা জনোৱা হ’ব। তদুপৰি শিক্ষা সেতু এপত সৰ্বাধিক উপস্থিতি দিবলৈ সক্ষম হোৱা শীৰ্ষ তিনিখন জিলা, শিক্ষা সেতু এপত বিভিন্ন জিলাৰ উপস্থিতিৰ শীৰ্ষত থকা বিদ্যালয়সমূহৰ মুৰববী আৰু মহাবিদ্যালয় তথা পলিটেকনিকৰ পেটেণ্ট লাভ কৰা শিক্ষকসকলকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হ’ব।
শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিদ্বান, মনিষী তথা শিক্ষাবিদ ড০ সর্বেপল্লী ৰাধাকৃষ্ণণলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ লগতে প্ৰতিগৰাকী শিক্ষাগুৰুক শিক্ষক দিৱসৰ ওলগ জনায়।
Site Admin | September 5, 2025 11:57 AM | Teacher's Day
সমগ্ৰ দেশত আজি শিক্ষক দিৱস উদযাপন
