অসমৰ চাহৰ ঐতিহ্য অধ্যয়নৰ লক্ষ্যৰে যোৰহাটত দক্ষিণ কোৰিয়াৰ ২৪জনীয়া প্ৰতিনিধিৰ দল

২০০ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ অসমৰ চাহৰ ঐতিহ্য অধ্যয়ন কৰাৰ লক্ষ্যৰে দক্ষিণ কোৰিয়াৰ ২৪ জনীয়া প্ৰতিনিধিৰ দল কালি যোৰহাটত উপস্থিত হৈছে। দলটোৱে মেলেং চাহ বাগিচাত পাত তোলাৰ পৰা প্ৰসংস্কৰণলৈকে সমগ্ৰ প্ৰক্ৰিয়া পৰ্যৱেক্ষণ কৰে। এনে অধ্যয়নমূলক ভ্রমণে চাহৰ বিশ্বজনীন সম্ভাৱনীয়তাক অধিক প্ৰসাৰিত কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আশা প্রকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।