ৰাজ্যৰ ৩৫৪খন চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি

অসমৰ চাহ বাগিচা অঞ্চলত স্বাস্থ্যসেৱাৰ উন্নয়নৰ বাবে আজি ৩৫৪ খন চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ’ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই চাহ বাগিচাৰ কৰ্তৃপক্ষৰ সৈতে আজি বিয়লি দিছপুৰত এই চুক্তি স্বাক্ষৰ কৰিব। এই স্বাস্থ্য প্রতিষ্ঠানসমূহত পর্যাপ্ত ঔষধ, ৰোগ চিনাক্তকৰণৰ সা-সুবিধাৰ লগতে অন্যান্য প্রয়োজনীয় ব্যৱস্থাসমূহ ৰখা হ’ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত সামুহিক স্বাস্থ্য বিষয়াসকলে চাহ বাগিচা চিকিৎ‍সালয়ৰ চিকিৎসা বিষয়াসকলৰ সহযোগত সেই অঞ্চলৰ বাসিন্দাসকলক উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ ব্যৱস্থা কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।