March 21, 2025 6:47 PM | Tamulpur

printer

তামুলপুৰ জিলাৰ অময়াপুৰ তৰুণ সংঘৰ বাকৰিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু কৰ্কট ৰোগৰ সজাগতা শিবিৰ অনুষ্ঠিত

তামুলপুৰ জিলাৰ অময়াপুৰ তৰুণ সংঘৰ বাকৰিত আজি ড° ভৱেন্দ্ৰনাথ হাজৰিকা আৰু পুষ্পা হাজৰিকা স্মাৰক ন্যাসৰ উদ্যোগত তথা অময়াপুৰ তৰুণ সংঘৰ সহযোগত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু কৰ্কট ৰোগৰ সজাগতা শিবিৰ অনুষ্ঠিত হয়। বিটিচিৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পাৰিষদ বিজিত গৌড়া নাৰ্জাৰীয়ে স্বাস্থ্য শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শিশু ৰোগ বিশেষজ্ঞা ডাঃ আকাশী হাজৰিকা শিবিৰত উপস্থিত থাকি কৰ্কট ৰোগ কেনেকৈ হ’ব পাৰে আৰু এই ৰোগ নিৰ্মূল কেনেকৈ কৰিব পাৰি সেই বিষয়ে বক্তব্য আগবঢ়ায়। অময়াপুৰ গাঁৱৰ শতাধিক লোকক এই শিবিৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা
হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।