ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 9, 2025 8:33 PM | Tamulpur

printer

অসম ৰাজ্যিক মহাকাশ প্রয়োগ কেন্দ্ৰৰ উদ্যোগত মহাকাশ প্রযুক্তি আৰু ভূ-স্থানীক উত্তৰণ বিষয়ক কর্মশালা অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনৰ অসম ৰাজ্যিক মহাকাশ প্রয়োগ কেন্দ্ৰৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াসকলৰ মাজত মহাকাশ প্রযুক্তি আৰু ভূ-স্থানীক উত্তৰণ বিষয়ক এখন কর্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত অংশগ্ৰহণ কৰি ৰাজ্যিক মহাকাশ প্রয়োগ কেন্দ্ৰৰ সঞ্চালক পি এল এন ৰাজুৱে মহাকাশ প্রযুক্তিৰ প্রয়োগেৰে তামুলপুৰক এখন আদর্শ জিলা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীৰাজুৱে মহাকাশ প্রযুক্তি আৰু ভূ-স্থানীক সঁজুলিৰ বিভিন্ন প্রয়োগ সন্দৰ্ভতো বিতংভাৱে প্ৰকাশ কৰে। সন্মানীয় অতিথি হিচাপে উপস্থিত থকা জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জিলাখনৰ এটা গুৰুত্বপূৰ্ণ সমস্যা হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ ক্ষেত্ৰত মহাকাশ প্রযুক্তি প্ৰয়োগৰ কথা উল্লেখ কৰে। কৰ্মশালাত অংশগ্ৰহণ কৰি ৰাজ্যিক মহাকাশ প্রয়োগ কেন্দ্ৰৰ অতিৰিক্ত সঞ্চালক উৎপল শৰ্মা, কেন্দ্ৰটোৰ বিষয়া নিলয় নিশান্তৰ লগতে অন্যান্য বিজ্ঞানীসকলে ইছৰোৰ মোবাইল এপ, ডেছব’ৰ্ড প্ৰদৰ্শন আদিৰ জৰিয়তে মহাকাশ প্রযুক্তিৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে অৱগত কৰে। আহমেদাবাদৰ মহাকাশ প্রয়োগ কেন্দ্ৰৰ বিজ্ঞানী শশীকান্ত শৰ্মা আৰু দেৰাডুনৰ আই আই আৰ এছৰ বিজ্ঞানী ড০ হৰিশ কর্ণাটকে এই কৰ্মশালাত ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে।