ডাউনলোড
মোবাইল এপ

android apple
signal

August 26, 2025 12:37 PM | Tamulpur

printer

যোৱা ২০ আগষ্টত তামুলপুৰত সংঘটিত ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ

যোৱা ২০ আগষ্টত তামুলপুৰ জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত সুৱাগপুৰ ভৰালী চকত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত লোকৰ আক্ৰমণত এজন যুৱক নিহত হোৱা ঘটনা সম্পৰ্কত তামুলপুৰৰ জিলা দণ্ডাধীশৰ নিৰ্দেশ মর্মে গোৰেশ্বৰৰ চক্ৰ বিষয়া ত্ৰিলিনা টাইডে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কালি অভিষেক দাস নামৰ মৃত যুৱকজনৰ চাৰিজন বন্ধু যুৱৰাজ বড়ো, ধ্ৰুৱজ্যোতি গুৰুং, নৱজ্যোতি দাস আৰু মাৰ্টিন বসুমতাৰীক সোৱাগপুৰ থানালৈ মাতি নি ভাষ্য গ্ৰহণ কৰাৰ পাছত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাও কৰোৱা হয়। আৰক্ষীৰ এটা উচ্চ পৰ্যায়ৰ দলে তামুলপুৰ ভ্ৰমণ কৰি ঘটনাৰ সবিশেষ বুজ লয়। ঘটনাটো সন্দৰ্ভত তামুলপুৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১০৩, এক ধাৰাৰ ৬০- ২৫ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰখা হৈছে। উল্লেখযোগ্য যে, জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে এই ঘটনা সন্দৰ্ভত কালি দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিল। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আৰু জনসাধাৰণৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ পৰিপ্ৰেক্ষিতত গোৰেশ্বৰৰ চক্ৰ বিষয়াগৰাকীক পুংখানুপুংখ তদন্ত কৰি শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে ঘটনাৰ উচিত তদন্ত কৰা হব বুলি কালি ঘোষণা কৰে।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে যোৱা ২০ আগষ্টৰ বিয়লিৰ ভাগত জিলাখনৰ কচুকাটা গাঁৱৰ অৱসৰপ্ৰাপ্ত সৈনিক দীপক দাসৰ একমাত্ৰ পুত্ৰ অভিষেক দাসে তেওঁৰ চাৰিজন বন্ধুৰ সৈতে তেওঁৰ নিজা গাড়ীৰে বগামাটিৰ পৰা উভতি অহাৰ সময়ত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন তিনিচুকীয়া বাহন আৰু পাছত এখন দোকানত খুন্দা মাৰে। এই ঘটনাৰ খবৰ পাই একাংশ লোক উপস্থিত হয় আৰু গাড়ীচালকৰ আসনত থকা অভিষেকক ওচৰৰ এঠাইলৈ টানি নি মাৰধৰ কৰে। উন্মত্ত লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত অভিষেকক আৰক্ষীয়ে চিকিৎসাৰ বাবে ৰঙিয়ালৈ আনে যদিও আদবাটতে যুৱকজনৰ মৃত্যু হয়। অভিষেক দাসৰ পিতৃয়ে এই ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ২০১৮ চনত কাৰ্বি আংলঙত অভি-নীল হত্যকাণ্ডৰ দুঃসহ স্মৃতি সোঁৱৰাই দিয়া এই ঘটনা সন্দৰ্ভত সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।