ডাউনলোড
মোবাইল এপ

android apple
signal

August 29, 2024 9:06 PM | tamulpor kho kho

printer

ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষে তামুলপুৰত খো-খো প্রতিযোগিতা

ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ সৈতে সংগতি ৰাখি আজি তামুলপুৰ জিলা ক্রীড়া ভাৰতীৰ উদ্যোগত জিলাখনত খো-খো প্রতিযোগিতা অনুষ্ঠিত হয়। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি এই দিৱস উপলক্ষে ১৬ বছৰ অনূৰ্ধ্বৰ ল’ৰাৰ মাজত এই প্রতিযোগিতা অনুষ্ঠিত হয়। প্রতিযোগিতাত জিলাখনৰ ভিন্ন প্ৰান্তৰ পাঁচটা দলে অংশগ্রহণ কৰে।