বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে আজি তামুলপুৰত শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, বিটিআৰৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভা, প্ৰাক্তন পাৰিষদ ৰবীন্দ্ৰ বালা বিশ্বাস, তামুলপুৰৰ ৰাজহ চক্ৰ বিষয়া এলিমা কান্দুলনাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্রেক্ষাগৃহটো উদ্বোধন কৰি শ্ৰীবড়োৱে এই প্ৰেক্ষাগৃহই তামুলপুৰবাসীৰ বহুদিনীয়া আশা পূৰণ কৰিলে বুলি মন্তব্য কৰে।
Site Admin | July 29, 2025 7:23 PM | tamolpur sankardev auditorium
তামুলপুৰত শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন
