টাইপাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত আৰু চৰাইদেউবাসীৰ সহযোগত ভজো বেচিক মাজপথাৰ চাওল্যুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদ, অসমৰ ষষ্ঠ কেন্দ্ৰীয় অধিবেশনৰ আয়োজন কৰা হৈছে। আজি পুৱা ৯ বজাত পতাকা উত্তোলনেৰে এই অধিবেশন আৰম্ভ হৈছে। বিয়লি ২ বজাত কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত হব। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলনৰ পাছতে ৬ বজাত অসমৰ জাতীয় জীৱনলৈ টাই আহোম জনগোষ্ঠীৰ অৱদান শীৰ্ষক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। অধিবেশনস্থলীত গ্ৰন্থমেলা, বস্ত্ৰমেলা আৰু টাই আহোমৰ লগতে বিভিন্ন জনগোষ্ঠীৰ খাদ্য মেলাৰ বাবে ২০০খন বিপণীয়ে অংশগ্রহণ কৰিছে। ৫ জানুৱাৰীত হ’বলগীয়া অধিবেশনৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী ছৌনা মেইন, নাগালেণ্ড স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী পি পাইৱং কন্যাক সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।
Site Admin | January 3, 2025 12:40 PM | tai-ahom student union
তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদ, অসমৰ ষষ্ঠ কেন্দ্ৰীয় অধিবেশনৰ আয়োজন
