October 29, 2025 8:12 PM

views 18

এছ আই টিৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ : মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তদন্তকাৰী দল এছ আই টিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে বুলি প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰি ড০ শৰ্মাই কয়, যে অতি সোনকালেই অভিযোগনামা আদালতত দাখিল কৰা হ'ব। বিশেষ তদন্ত গোটৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই আজি সংবাদমাধ্যমৰ আগত কয় যে সম্প্ৰতি তদন্ত প্রক্রিয়া সঠিক দিশত আগবাঢ়ি আছে। এই পর্যন্ত ৯০ জনতকৈ অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে বুলি তেঁও প্ৰকাশ কৰিছে। বিষয়টোৰ তদন্তৰ বাবে আৰু ভালেসংখ্যক লোকৰ মতামত লোৱা হ'ব...