November 13, 2025 7:38 PM

views 30

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ভাষ্য প্ৰদান

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত আজি সৌমিত্র শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগৰ ওচৰত বিধায়ক অখিল গগৈ আৰু আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাই শপতনামাৰ জৰিয়তে ভাষ্য প্ৰদান কৰে। আয়োগক তথ্য দাখিলৰ পাছত বিধায়ক অখিল গগৈয়ে আয়োগৰ ওচৰত যাৱতীয় তথ্য দাখিল কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ এই তদন্ত প্ৰক্ৰিয়াক লৈ অসন্তুষ্টি ব্যক্ত কৰে। আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাই এই ভাষ্য প্ৰদানৰ পাছত কয় যে ছিংগাপুৰত জুবিন গাৰ্গৰ বিয়োগৰ পাছতো নর্থ- ইষ্ট ফেষ্টিভেলৰ অনু...