October 11, 2025 7:45 PM

views 19

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ভিছেৰা প্ৰতিবেদন GMCHলৈ প্ৰেৰণ

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উন্মোচনৰ বাবে কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰা শিল্পীগৰাকীৰ ভিছেৰা প্ৰতিবেদন আজি আৰক্ষীয়ে লাভ কৰাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। চিকিৎসা মহাবিদ্যালয়খনে এই সন্দৰ্ভত গঠন কৰা তদন্ত সমিতিয়ে প্রতিবেদন পুংখানুপুংখভাৱে পৰীক্ষা কৰিব। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল যদিও মৃত্যুৰ ঘটনাক লৈ সন্দেহ ঘণীভূত হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা...