September 26, 2025 12:46 PM

views 16

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি কালি আছাম পাব্লিক ৱৰ্কছ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠন দুটাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে। জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে যুক্তি প্ৰদৰ্শন কৰিবলগীয়া এই আবেদনখনৰ অহা ১০ নৱেম্বৰত শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ঘটনাৰ তদন্ত বিচাৰি উচ্চ ন্যায়ালয়ত এতিয়ালৈ তিনিখন আবেদন দাখিল হৈছে। ঘটনাৰ তদন্ত বিচাৰি যোৱা বুধবাৰে এজন অধিবক্তাই দাখিল কৰা আন এখন ৰাজহুৱা স্বার্থজড়িত আব...

September 25, 2025 8:14 PM

views 35

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আছাম পাব্লিক ৱৰ্কছ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি আজি আছাম পাব্লিক ৱৰ্কছ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠন দুটাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে। আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱাই এই আবেদনখন দাখিল কৰে। এই ঘটনাৰ তদন্ত বিচাৰি এজন অধিবক্তাই দাখিল কৰা আন এখন ৰাজহুৱা স্বার্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি গ্রহণ কৰিছিল।

September 24, 2025 9:19 PM

views 172

ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয়। জুবিন গাৰ্গৰ স্মৃতিত নগাঁও চহৰৰ নেহৰুবালিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত হয়। জিলাখনৰ ৫০০ৰো অধিক শিক্ষানুষ্ঠান, দলসংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে মৰমৰ শিল্পীগৰাকীৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ লগতে সকলোৱে মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গানটো গাই শিল্পীগৰাকীক শ্রদ্ধা জনায়। আজাৰাৰ কাহিকুছি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে প্রিয় শিল্পীগৰাকীৰ দুটিকৈ গীত পৰিৱেশন কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে । ডিব্ৰুগড়ৰ ক...

September 23, 2025 11:05 AM

views 44

জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক কথা প্ৰচাৰৰ অভিযোগত কেইবাজনো লোকক আটক

জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক কথা প্ৰচাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাজনো লোকক আটক কৰিছে। দৰং আৰক্ষীয়ে কালি দলগাঁৱৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ এগৰাকী শিক্ষকক এনে আপত্তিজনক মন্তব্যৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। শিক্ষকজনৰ বিৰুদ্ধে দলগাঁও থানাত এটা সংগঠনে এজাহাৰ দাখিল কৰিছিল। যোৰহাটতো এগৰাকী সাংবাদিকৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে। ইপিনে, যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি শিল্পীগৰাকীৰ অনুৰাগীৰ নাম লৈ হুলস্থ...

September 20, 2025 9:29 PM

views 25

জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহ স্থগিত ঘোষণা

জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত অসম লোকসেৱা আয়োগে কাইলৈ আৰু পৰহিলৈ হ'বলগীয়া পৰীক্ষা স্থগিত ৰাখিছে। আয়োগে প্রকাশ কৰা মতে, কাইলৈ হ'বলগীয়া মীন বিভাগৰ অধীনৰ কনিষ্ঠ অভিযন্তা পদৰ পৰীক্ষা স্থগিত ৰখা হৈছে। একেদৰে, পৰহিলৈ হ'বলগীয়া কৃষি বিভাগৰ অধীনৰ কৃষি উন্নয়ন বিষয়া পদৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া ২৫ আৰু ২৬ ছেপ্তেম্বৰলৈ পিছুৱাই দিয়া হৈছে। মীন বিভাগৰ অধীনৰ কনিষ্ঠ অভিযন্তা পদৰ পৰীক্ষাৰ দিন পৰৱৰ্তী পৰ্যায়ত ঘোষণা কৰা হ'ব । শিল্পীগৰাকীৰ বিয়োগত ৰাজ্যিক শোক ঘোষণা কৰালৈ চাই সেৱা সপ্তাহ উপলক্ষে গ্ৰন্থ...

September 20, 2025 9:24 PM

views 45

জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল দেহাৱসানত শোকস্তব্ধ সমগ্ৰ ৰাজ্য

জনতাৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ অকাল দেহাৱসানত সমগ্ৰ ৰাজ্য শোকস্তব্ধ হৈ পৰিছে। কালি এই পীড়াদায়ক বাতৰি পোৱাৰ পাছৰে পৰা অগণন লোক স্বতঃস্ফূর্তভাৱে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পথসমূহত সমবেত হয়। ম্রিয়মান জনতাই শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ কণ্ঠত আওঁৰাই তেওঁৰ প্ৰতি আজিও ৰাজ্যৰ প্ৰান্তে প্রান্তে শ্রদ্ধা নিবেদিছে। শিশুৰ পৰা বৃদ্ধলৈ প্ৰতিগৰাকী অনুৰাগী শোকাহত আৰু স্তম্ভিত। গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্তত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গণেশগুৰিৰ উৰণ সেতুৰ তলত, লত...