December 19, 2025 12:12 PM

views 11

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযোগনামা ৰাজহুৱা কৰাৰ অভিযোগত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এছ আই টিৰ গোচৰ ৰুজু

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযোগনামা ৰাজহুৱা কৰাৰ অভিযোগত বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে এছ আই টিয়ে গোচৰ ৰুজু কৰিছে। এছ আই টিয়ে যোৱা ১২ ডিচেম্বৰত আদালতত দাখিল কৰা গোচৰটোৰ অভিযোগনামাৰ প্ৰতিলিপি আইন বহিঃভূতভাৱে বিধায়কগৰাকীয়ে ৰাজহুৱা কৰাৰ অভিযোগত এছ আই টিৰ মুখ্য তদন্তকাৰী বিষয়া ড০ ৰ'জী কলিতাই গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাত এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীৰ অপৰাধ শাখাই এটা গোচৰ ৰুজু কৰিছে। এজাহাৰকাৰীয়ে বিধায়কগৰাকীৰ বিৰুদ্ধে আইন বহিঃভূতভাৱে অভিযোগনামাৰ ব্য...