September 26, 2025 12:40 PM

views 24

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত এছ আই টিৰ অভিযান

শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ অনুসন্ধানকাৰী গোট - এছ আই টিয়ে কালি নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ গুৱাহাটীৰ গীতানগৰত থকা বাসভৱনৰ পৰা বহু আপত্তিজনক নথি-পত্র জব্দ কৰে। চি আই ডিয়ে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটীৰ ধীৰেণপাৰাত থকা বাসগৃহতো অভিযান চলায়। চি আই ডিৰ অভিযানৰ সময়তে মেনেজাৰজনৰ ঘৰৰ বাহিৰত উত্তেজিত একাংশ লোকে শিল নিক্ষেপ কৰাত ১৫ জনৰো অধিক আৰক্ষী আৰু চি আই ডিৰ লোক আহত হোৱাৰ লগতে দুখন বাহনো ক্ষতিগ্রস্ত হয়। আৰক্ষীয়ে উত্তেজিত জনতাক বহু কষ্ট ...

September 25, 2025 12:04 PM

views 25

আদৰৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ পৰা আঁতৰোৱা হ’ল পৰিমিতা সৰকাৰৰ নাম

আদৰৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধানকাৰী গোট চমুকৈ এছ আই টিৰ কিছু সালসলনি কৰা হৈছে। দহজনীয়া এছ আই টিৰ পৰা পৰিমিতা সৰকাৰৰ নাম আঁতৰোৱা হৈছে। কালি এছ আই টি গঠনৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামজিক মাধ্যমযোগে কয়, যে অসম আৰক্ষীয়ে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ কাম ত্বৰান্বিত গতিৰে কৰি আছে। মুখ্যমন্ত্রী ড° শৰ্মাই কালি সন্ধিয়া অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ ১০ জনীয়া বিশেষ অনুসন্ধানকাৰী গোট গঠন কৰে। এই গোটৰ ন...

September 24, 2025 9:14 PM

views 26

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে বিশেষ অনুসন্ধানকাৰী গোট গঠন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে এটা বিশেষ অনুসন্ধানকাৰী গোট চমুকৈ এছ আই টি গঠন কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি কিছু সময়ৰ পূৰ্বে সামাজিক মাধ্যম এক্সত এই বিষয়ে প্ৰকাশ কৰি কয়, যে শিল্পীগৰাকীৰ মৃত্যুৰ সৈতে জড়িত কোনো লোককে ৰেহাই দিয়া নহ'ব। মুখ্যমন্ত্রী ড০ শর্মাই আজি বিয়লি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ শীৰ্ষ বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকৰ পাছতে তদন্তৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক এছ আই টি গঠনৰ নিৰ্দেশ দি...