September 24, 2025 10:02 PM

views 32

জুবিন গাৰ্গৰ বাসগৃহত শিল্পীগৰাকীক শ্রদ্ধা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহত উপস্থিত হৈ শিল্পীগৰাকীক শ্রদ্ধা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে কয়, যে জুবিন গাৰ্গ কেৱল এজন কণ্ঠশিল্পী, গীতিকাৰেই নাছিল বৰং তেওঁ আছিল কেইবাটাও প্ৰজন্মৰ লগতে সংস্কৃতি আৰু ভাষাৰ মাজত সমন্বয় স্থাপন কৰা এগৰাকী জীৱন্ত কিংবদন্তী। জুবিন গাৰ্গ জাতি-জনগোষ্ঠীৰ উৰ্ধত থকা ব্যক্তিত্বৰ অধিকাৰী আছিল বুলি তেওঁ কয়।