January 2, 2026 8:35 PM
17
জুবিন গাৰ্গৰ খাৰঘুলিৰ বাসগৃহত শিল্পীগৰাকীৰ নামত ন্যাস গঠনৰ সিদ্ধান্ত
জুবিন গাৰ্গৰ খাৰঘুলিৰ বাসগৃহতে প্রয়াত শিল্পীগৰাকীৰ নামত এটা ন্যাস গঠন কৰা হ'ব বুলি এখন সংবাদমেল যোগে পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰকাশ কৰিছে। গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সম্বোধন কৰা সংবাদমেলখনত তেওঁলোকে কয় যে জুবিন গার্গ ন্যাসে সামাজিক আৰু সাংস্কৃতিক দিশত কাম কৰি যাব। ন্যাসটো জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ, জ্যেষ্ঠ আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত আৰু জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই পৰিচালনা কৰিব। জুবিন গাৰ্গ ন্যাসৰ অধীনত ৩ টা শাখা থাকিব বুলিও তেওঁলোকে প্ৰকাশ কৰে। ন...