October 21, 2025 11:59 AM October 21, 2025 11:59 AM

views 21

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ বৈঠক

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে আজি দেশখনৰ আৰক্ষীৰ সৈতে আলোচনাত মিলিত হৈছে। এছ আই টিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰণ গোৱেলৰে গঠিত দুজনীয়া দলটোৱে ছিংগাপুৰ আৰক্ষীৰ পৰা জুবিনৰ মৃত্যু সন্দৰ্ভত যাবতীয় তথ্য গ্ৰহণ কৰিব। ছিংগাপুৰ ভ্ৰমণ সন্দৰ্ভত গোটৰ মুৰববী গুপ্তাই পৰৱৰ্তী সময়ত সংবাদ মাধ্যমক সকলো অৱগত কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।

October 9, 2025 9:12 PM October 9, 2025 9:12 PM

views 21

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে কেইবাজনো লোকক সোধা-পোছা বিশেষ তদন্তকাৰী দলৰ

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দলে আজি উলুবাৰীস্থিত চি আই ডিৰ কাৰ্যালয়ত কেইবাজনো লোকক সোধা-পোছা কৰে। শিল্পীগৰাকীৰ ব্যক্তিগত সুৰক্ষা বিষয়া পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক আজি পুনৰ সোধা-পোছা কৰা হয়। উল্লেখযোগ্য যে চৰকাৰীভাৱে নিয়োজিত দুয়োগৰাকী বিষয়াকে সন্দেহজনক লেন-দেনৰ অভিযোগত নিলম্বন কৰা হৈছে। তদুপৰি জুবিন গাৰ্গৰ শব্দযন্ত্ৰী দিগন্ত শৰ্মা আৰু ব্যৱসায়ৰ সহযোগী বংকিম ৰায়মেধিৰো আজি এছ আই টিয়ে ভাষ্য গ্রহণ কৰে। উল্লেখযোগ্য ছিংগাপুৰত এই ঘটনাৰ সময়ত তাত...