September 23, 2025 11:14 AM

views 16

ডিব্ৰুগড় জিলাৰ লোহাৰপট্টি অঞ্চলৰ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী-আত্মীয়ক খাদ্য বিতৰণ

ডিব্ৰুগড় জিলাৰ লোহাৰপট্টি অঞ্চলৰ জুবিন গাৰ্গৰ অনুৰাগীসকলে কালি নিশা অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী তথা আত্মীয়সকলক খাদ্য বিতৰণ কৰি শিল্পীগৰাকীৰ আদৰ্শক জীয়াই ৰখাৰ প্ৰচেষ্টা গ্রহণ কৰে। উল্লেখযোগ্য যে শিল্পীগৰাকীৰ আকস্মিক মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড় জিলাতো বন্ধৰ স্বতঃস্ফূৰ্ত প্ৰভাৱ পৰে ৷ ইপিনে সমগ্ৰ ৰাজ্যতে ড্রাই ডে ঘোষণা কৰাৰ সময়তে ডিব্ৰুগড় জিলা প্রশাসনে কালি নিশা অভিযান চলাই চহৰখনৰ পুৰণি ৰে'লৱে ষ্টেচনৰ সমীপৰ ছুইপাৰপট্টিত অবৈধভাৱে মজুত ৰখা সুৰা জব্দ কৰ...