November 20, 2025 7:12 PM

views 27

ভার্চুৱেল মাধ্যমেৰে শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ ৭জন অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ সাতজন অভিযুক্তক আজি সংশ্লিষ্ট কাৰাগাৰৰ পৰা ভার্চুৱেল মাধ্যমেৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পাছতেই আদালতে আটাইকেইজনকে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ, শিল্পীগৰাকীৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক বাক্সা জিলা কাৰাগাৰত ৰখা হৈছে। আন দুজন অভিযুক্ত শেখ...

November 19, 2025 7:46 PM

views 25

সৰভোগৰ গান্ধী ময়দানত জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন

জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই আজি সৰভোগৰ গান্ধী ময়দানত শিল্পীগৰাকীৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷ বিধায়ক মনোৰঞ্জন তালুকদাৰে এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে। সংগীত পৰিচালক দিগন্ত ভাৰতী, পৰিচালক শশাংক সমীৰ, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই এই অনুষ্ঠানত অংশ লৈ শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। অনুষ্ঠানৰ শেষত প্ৰায় ৩ হাজাৰ লোকে জুবিন গাৰ্গৰ কালজয়ী সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষত গীতটো পৰিবেশন কৰে। এই অনুষ্ঠানতে শিল্পী ছৈয়দ চাদুল্লা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাহী বাদক দী...

November 7, 2025 11:10 AM

views 22

জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ তাৰছেম মিটালক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ জাননী তদন্তকাৰী গোটৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত তদন্তকাৰী গোটে জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ তাৰছেম মিটালক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ জাননী জাৰি কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ লগতে আর্থিক খেলিমেলিৰ সৈতে বৰ্তমানৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নাম সাঙোৰ খাইছিল। বৰ্তমান কাৰাৰুদ্ধ হৈ থকা সিদ্ধার্থ শৰ্মাক তাৰছেম মিটালে জুবিন গাৰ্গৰ সৈতে চিনাকি কৰি দিয়াৰ লগতে নিযুক্তিও দিছিল। ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিত্তীয় অনিয়মকে ধৰি কেইবাটাও অভিযোগ লাভ কৰাৰ পাছতে তদন্তকাৰী গোটে তাৰছেম মিট্টালকো তদন্তৰ আওতা...

November 1, 2025 8:01 PM

views 23

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীৰ পৰা তিনিটা গুৰুত্বপূৰ্ণ তথ্য লাভ বিশেষ তদন্তকাৰী গোটৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা তিনিটা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। এছ আই টিৰ মুৰববী মুন্নাপ্রসাদ গুপ্তাই আজি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি কয়, যে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ অধীনত বিশেষ তদন্তকাৰী গোটে ছিংগাপুৰ আৰক্ষীৰ পৰা কিছু তথ্য বিচাৰিছিল। ইয়াৰ ভিত্তিতে ছিংগাপুৰ আৰক্ষীয়ে বিশেষ তদন্তকাৰী গোটক এই তথ্য যোগান ধৰিছে। ছিংগাপুৰৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত চূড়ান্ত মতামত আগবঢ়োৱা বুলিও এছ আই টিৰ মুৰববী...

October 24, 2025 6:00 PM

views 44

গুৱাহাটীত উপস্থিত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা আৰু তৰুণ গোৱেল কালি গুৱাহাটীলৈ উভতি আহে। ছিংগাপুৰ ভ্ৰমণ তথা এছ আই টিৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত আজি এখন সংবাদ মেল সম্বোধন কৰি মুন্না প্রসাদ গুপ্তাই কয়, যে তেওঁলোকে ২০ অক্টোবৰত ছিংগাপুৰত থকা উচ্চ আয়ুক্তৰ সৈতে বৈঠকত মিলিত হৈছিল। ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ পাঁচজনীয়া এটা দলৰ সৈতে বৈঠকত মিলিত হৈ তদন্তৰ তথ্য বিনিময় কৰা বুলিও এছ আই টিৰ মুৰববীগৰাকীয়ে প্ৰকাশ কৰে। ছিংগাপুৰ আ...

October 15, 2025 7:13 PM

views 44

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত পুনৰ ৩গৰাকী প্ৰৱাসী অসমীয়াৰ ভাষ্য গ্রহণ এছ আই টিৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত আজি এছ আই টিয়ে পুনৰ তিনিগৰাকী প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামী, প্রীতম ভূঞা আৰু দেৱজ্যোতি হাজৰিকাৰ ভাষ্য গ্রহণ কৰে। এছ আই টিয়ে তিনিওজন প্রৱাসী অসমীয়াক চি আই দি কাৰ্যালয়ত সোধা-পোছা কৰে। এই সন্দৰ্ভত এছ আই টিৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই সংবাদ মাধ্যমৰ আগত কয়, যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে ১১ গৰাকী প্ৰৱাসী অসমীয়াই চি আই ডিৰ কাৰ্যালয়ত সাক্ষ্য প্ৰদান কৰিছে। তেওঁ কয় যে বর্তমান ছিংগাপুৰৰ নাগৰিকত্ব লোৱা ৱাজিদ আহমে...

October 15, 2025 6:57 PM

views 31

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষী জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত এছ আই টিয়ে পাঁচোজন অভিযুক্তক আজি আদালতত হাজিৰ কৰোৱায় আৰু ন্যায়ালয়ে অভিযুক্তকেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অভিযুক্তকেইজনক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বাক্সা জিলাৰ নিকাছিৰ নৱনিৰ্মিত কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়।

October 13, 2025 7:09 PM

views 36

ছিংগাপুৰৰ ৩ জন প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ আজি ছিংগাপুৰৰ তিনিজন প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰিক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জাঅ’লাংছাত নাৰ্জাৰী নামৰ এই লোককেইজনক এছ আই টিয়ে সোধা-পোছা কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ ভাষ্য লিপিবদ্ধ কৰোৱা হয়। ইপিনে মৰমী দাসৰ নেতৃত্বত এছ আই টিৰ এটা দল আজি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ ভিছাৰা পৰীক্ষাৰ প্ৰতিবেদন সম্পর্কে পৰিয়ালক অৱগত কৰিছে। অৱশ্যে এই প্রতিবেদন সন্...

October 8, 2025 8:19 PM

views 42

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত চলিত মাহতে দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিবঃ মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই চলিত মাহতে দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব বুলি আজি ডিব্ৰুগড়ত প্ৰকাশ কৰে। এই ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰ আৰক্ষীৰ সহায় বিচাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে এই ঘটনাৰ ন্যায় প্ৰদানৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে। ইপিনে বিশেষ তদন্তকাৰী গোটে আজি শিল্পীগৰাকীৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। বিশেষ তদন্তকাৰী গোটে আজি সন্দীপন গাৰ্গক...

October 4, 2025 6:13 PM

views 23

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ অধ্যক্ষতাত ন্যায়িক আয়োগ গঠন

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰে। ৰাজ্য চৰকাৰে এখন অধিসূচনা যোগে যোৱা নিশা এই বিষয়ে সদৰি কৰিছিল। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি অৱগত কৰি তদন্ত আয়োগ গঠনৰ সিদ্ধান্ত সামাজিক মাধ্যমযোগে জানিবলৈ দিছিল ।