February 27, 2025 7:58 PM

views 30

সামাজিক মাধ্যমত অশোভনীয় মন্তব্য কৰা ইউটিউবাৰ আশীষ চান্সলানিক চি বি আইৰ জেৰা

সামাজিক মাধ্যমত অশোভনীয় মন্তব্য কৰা ইউটিউবাৰ আশীষ চান্সলানিক আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা চি আই ডিয়ে জেৰা কৰে। আজি অধিবক্তাসহ পানবজাৰৰ চি আই ডিৰ থানাত হাজিৰ হোৱাৰ পাছত তদন্তকাৰী বিষয়াই গোচৰ সংক্রান্তত ইউটিউবাৰগৰাকীক জেৰা কৰে। উল্লেখযোগ্য যে শ্রীচান্সলানিয়ে ইউটিউবৰ এটা অনুষ্ঠানত কেতবোৰ অশালীন মন্তব্য কৰিছিল। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অপৰাধ অনুসন্ধান শাখাই আশীষ চান্সলানিসহ অন্য চাৰিগৰাকী ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। চি আই ডিৰ এটা দলে ইতিপূৰ্বে মুম্বা...